#Assamesepoem

136 posts
  • khyatisaikia 24w

    আপোনালৈ,

    আপোনাৰ নামত এটা কবিতা লিখিবলৈ লৈ বাৰে বাৰে থমকি ৰয় মোৰ অস্হিৰ অপৰিপক্ক দুহাত ....
    আপোনাৰ গভীৰতাত বোবা হৈ পৰিব খোজে মোৰ চঞ্চল দুই ওঁঠ
    আৰু মই বাৰে বাৰে ডুব যাব খোজো
    আপোনাৰ সৰলতাত

    মই প্ৰায়েই ভুল কৰো মোৰ বাট আৰু হেৰুৱাই পেলাব খোজোঁ নিজক,
    মই প্ৰায়েই ভুগো হতাশাত
    আৰু পাহৰি পেলাব খোজোঁ
    এন্ধাৰৰ সিপাৰতেই আছে পোহৰৰ দেশ...

    যদি মই আপোনাৰ আঙুলীত ধৰি পাৰ হ'ব খোজো এই বাট
    অথবা আপোনাৰ হাতত ধৰি প্ৰত্যাহ্বান
    জনাব খোজো প্ৰতি এন্ধাৰ আৰু
    উপভোগ কৰিব বিচাৰো প্ৰতি জোনাক ,
    ভুল কৰা হ'ব নেকি?

    আজীৱন বিশ্বাস আৰু মৰমৰ বিনিময়ত এটুকুৰা হৃদয় বিচাৰি চাম নেকি?
    ©khyatisaikia

  • skyhigh01 43w

    মমতা

    আপোন পাহৰা দুয়ো ভাই
    পুখুৰী টোৰ আজি ৰক্ষা নাই
    পানী ছটিয়াই সাঁতোৰি নাডুৰি
    ভাল কে আমেজ লৈছে দুয়ো
    তাহাতক দেখিলে কোনে কব
    অলপ আগতে তয়া ময়া ৰণ লাগিছিল
    ব'ল বেট খেলি বগৰা বগৰি দুয়োটাৰ
    মাকে এছাৰি পাত ননা লৈ কে
    সিহঁতৰ মলযুদ্ধ চলি থাকিল
    কিমান পৰলে মাতবোল নাই
    মাক তৰালী য়ে বাস্তব লে ঘূৰি আহে
    এতিয়া সেই ভাই ককাই ডেকা বয়সত
    ইটো য়ে সিটো ৰ চকুলো ও নাচাই
    বেলেগকৈ থাকিলে ও বুজিব পাৰি
    কিহে নো আহি বাঁহ ললে দুয়ো ৰে মাজত!
    ল'ৰালি ৰ সেই বহল মন বোৰ সংকীৰ্ণ হৈ পৰিল
    সামান্য মনোমালিন্য যেন এটা অজুহাত হে
    কেতিয়া নো দুখন সুকীয়া পৃথিৱী বনালে
    মাক তৰালী ৰ বাবে অগোচৰ
    তৰালী য়ে নিজকে সোধে
    তাই দিয়া সংস্কাৰ বোৰতে
    কৰবাত খুঁত থাকি গল নিকি বাৰু?
    নে এইয়া সংসাৰ ৰ কঠোৰ নিয়ম?
    ©skyhigh01

  • skyhigh01 43w

    ছন্দ

    বিকি কত উঠি আছ' বাৰু তই
    আহিছ'নে নাম তৎক্ষণাত
    নাই বিকি ৰ কানহাৰ নাই
    মা কে ভুৰভুৰাই ঘৰৰ কামত লাগে
    বিকি ৰ পাখি লগা মনে
    গছ ৰ ডাল পাতে বাগৰে
    নাহৰ জোপা ৰ ফেৰেঙনি ত
    সেউজীয়া ঘৰ এটা বনাই লৈছে
    গছৰ উপৰৰ পৃথিৱী খন
    তাৰ চাই চাই হেঁপাহ নপলাই
    প্ৰচণ্ড গৰম তো ৰিবৰিব মলয়া
    তাহাতৰ তিনিমহলীয়া ঘৰ টো ও
    সেও মানে এই মাদকতা ৰ তুলনাত
    আকাশ আৰু ডাৱৰ ৰ বোৰ বৰ আপোন লাগে
    সপোন ৰ মায়া জাল ত কল্পনাৰ পথাৰ সিঁচে..
    ©skyhigh01

  • skyhigh01 45w

    উচৰ্কাংক্ষা

    এফালে জুই ত ভাত বনাই আছে
    আৰু আনফালে ৰুহি ৰ সপোন বোৰ
    ধুনীয়া আখৰ বোৰ জুইৰ
    পোহৰত চিকমিকাই উঠিছে
    নিজৰ লগতে চুক্তি কৰিছে
    এইখিনি শেষ কৰিব
    আৰু ভাত ৰন্ধা ও হৈ যাব
    স্কুল ৰ পৰা বাহিৰে বাহিৰে
    মাৰথনৰ প্ৰেক্টিচ ও কৰে তাই
    ভাত মুঠি খাই নগলে বলে নাটনিব
    দেউতাক ও পথাৰ সামৰি পাবহি হৈছে..
    মাউৰা যদিও দেউতাকে তাই ক টোপ পৰিব নিদিয়ে
    কিন্তু কণমানি অন্তৰে নহহে দেউতাক ৰ কষ্ট বোৰ।
    ©skyhigh01

  • daveedkayasthasaikia 45w



    উক্তিটো তেওঁ ৰাখিছিল,
    "বৰষুণে আনে প্ৰেমৰ সুৱাস
    উপচাই ধৰাত আকলুৱা মৰমৰ পলাস
    এজাৰৰ ৰঙে বিয়পাই প্ৰিয়জনৰ আশা
    আশা কপালত কৃষ্ণচূড়া ফুলা।"
    তীব্ৰ হৈ অহা বৰষুণজাকৰ শব্দত আকুলিত হৈ তেওঁ আৰু কৈছিল---
    "শব্দৰ চন্দত মোৰ হদয় খন নাচি উঠিছে,
    এই বৰষুণজাকে মোৰ প্ৰিয়জনৰ নামৰ স্মৃতিৰ
    গোলাপ ফুলাইছে।"
    বোকা ভৰিৰে পানীফুটাত ভৰি তিতাই থকা দেখি তেওঁ কৈছিল ----
    "এই মোহনীয় বৰষুণজাকতো তোমাৰ হৃদয়ৰ শিল নাই গলা?"
    আৰু সুধিছিল--
    "আবুৰ খন কিহৰ, বেজাৰৰ নে নিষ্ঠুৰতাৰ?"
    কৈয়েই তেওঁ বিলীন হৈ পৰিল বৰষাৰ এই নিবিড় ধাৰাত।
    আৰু মই মৌন হৈ ৰৈ গ'লো, মথাউৰিৰে বাগৰা পানীয়ে পেটত মৰা টঙালী আৰু ভাৱি বানৰ বিভিসিকাত।
    ©daveedkayasthasaikia

  • daisy_pens 46w

    Read caption for the whole poem��

    *নীলাভ সপোন*

    //তোমাৰ হৃদয়ত যেতিয়া
    কেতেকীয়ে গীত জুৰিব
    সাগৰ হৈ পৰিব মোৰ
    হিয়াৰ নীল নগ্নতা....

    তোমাৰ ৰুক্ষ বুকুত চুমা যাচি
    প্ৰশস্ত কৰিম মই
    ভালপোৱাৰ খৰস্ৰোতা নৈ

    জানো, তুমি যুদ্ধ কৰিবা
    সাজিবলৈ আমাৰ আশাৰ বালিঘৰ
    যুদ্ধত ভাগৰি পৰিলে তুমি
    শিৰীষ হৈ মই ছাঁ দিম
    চন্দ্ৰাৱলী হৈ শীতলাম
    তৰালী হৈ উজ্জ্বলাম
    তোমাৰ শীতানৰ গান ..

    সেউজ দলিচাত গাভিনী হোৱা
    বুকুৰ এজাক কঁহুৱা উমেৰে
    মই সাৱটি ধৰিম তোমাক
    সৰগী মলয়া হৈ হেপাঁহেৰে

    আলিংগনত নিচুকাম দুচকুৰ পদুম
    মৰমৰ মদিৰা পান কৰি
    যেতিয়া তুমি ঢলি পৰিবা
    মোৰ কোমল কোলাত
    হৃদয় মোৰ হৃদয় হ'ব
    আৰু দুচকু নিয়ৰৰ পাপৰি

    ভাগৰি পৰা দুচকুত তোমাৰ
    পুণৰ স্পন্দিত কৰিম
    নতুন যৌৱনৰ উষাক

    পুহমহীয়া এজাক কুঁৱলিত তিতি
    আমাৰ গুপুত কামনাই
    অপেক্ষা কৰিব প্ৰেমৰ জুঁহালত
    দুকুৰা জুই একাকাৰ হোৱালৈ....//

    By : @daisy_pens

    This poetry is in my mother -tongue Assamese(অসমীয়া) ।
    English translation is in one of my recent posts "DREAMS OF BLUE".

    #assamesepoem #assamesequotes
    #assamesepoems #love #mirakeeassistant @readwriteunite @writersnetwork @miraquill @writerstolli
    #wod #pod #অসম #Oxomiya

    Read More

    সেউজ দলিচাত গাভিনী হোৱা
    বুকুৰ এজাক কঁহুৱা উমেৰে
    মই সাৱটি ধৰিম তোমাক
    সৰগী মলয়া হৈ হেপাঁহেৰে

    আলিংগনত নিচুকাম দুচকুৰ পদুম
    মৰমৰ মদিৰা পান কৰি
    যেতিয়া তুমি ঢলি পৰিবা
    মোৰ কোমল কোলাত
    হৃদয় মোৰ হৃদয় হ'ব
    আৰু দুচকু নিয়ৰৰ পাপৰি ...
    ©daisy_pens

  • unthought 47w

    #সপোন #অসমীয়া #assamese #assamesepoem

    Read More

    সচাকৈ সপোন বোৰ ব’ৰ নিস্ঠোৰ , কাৰন সপোন আৰু আপোন দুটা বিপৰীত গতি, যিকোনো টোয়ে আনতোৰ পৰা আতৰাই অনাতো নিচ্ছিত ।
    ©unthought

  • skyhigh01 48w

    উষা

    'তাবলা সোণ চোৱাচোন উষা আহিলে নি?'
    'আইতা উষা বাৰ অলপ দেৰি হব' আজি'
    উষা নহলে যে আইতাৰ উশাহ লবলৈ নহয়
    আইতাৰ বান্ধৱী উষা বা
    বয়স ত নিমিলে যদিও
    উষা আইতাৰ ছাহ
    কুমল কৈ আছুৰি
    চুলি খিনি বান্ধি দিয়া
    মন পছন্দৰ কাহিনী
    উষা আজি দিনৰ খাজ কলদিল ৰান্ধিবি
    কচু ঠোৰ পাতত দি পিটিকা বনাবি
    উষা আহোঁতে চিঙৰা আৰু কঁচুৰী আনিবি
    উষা উষা আৰু উশাহ..
    এতিয়াও যেন গুঞ্জন আইতা বিহীন আইতাৰ আব্দাৰ..

    ©skyhigh01

  • skyhigh01 50w

    সোণাৰু

    পুখুৰী টোৰ পাৰত থকা মস্ত গছ দুজোপাত
    আতি আতি কৈ মৰাপাতে বন্ধা ওলমা তাইৰ বিচনা খন
    তলত মলয়া বতাহে বোৱা পানীৰ মৃদু হাঁহি
    উপৰত পুখুৰীৰ পাৰৰ সোণাৰু,ৰাধাচুৰা,কৃষ্ণচূড়া আৰু এজাৰ ফুলৰ বৈচিত্ৰ্য মেলা..
    ৰ'দালি ৰ প্ৰাণ ভৰা উষ্ম ধেমালি
    তাইৰ ঘন দীঘল চুলি কুচা ৰ দুই এডাল পানীৰ সোঁত ত হাতুৰিছে নাডুৰিছে..
    পঢ়ি থকা কিতাপ খন এৰি হঠাৎ চকু বৰশী লৈ..
    বৰশী ৰ পুঙা টু দেখোন নাই
    পাৰলৈ গৈ জুৰেৰে চিপ মাৰোঁতে ডাঙৰ পুঠি মাছ এজনী আহিল
    তাই উল্লাসত ভায়েকক চিঞৰে,
    ভাইটি অ' ভাইটি..
    ©skyhigh01

  • skyhigh01 51w

    বেলি,বোকা,বনমালি

    বনমালি,বগী আৰু মুলী
    শেষ প্ৰহৰৰ কুকুৰা দাগ
    সিহঁতৰ বোকা পানীৰ পথাৰ খন
    নাঙলৰ জোৰ,বগী আৰু মূলীৰ ডিঙিৰ টিলিঙা
    বনমালি ৰ হাল বোৱা ছন্দ কিবা যেন মধুমালতি
    ছপছপীয়া হৈ পৰা তাৰ মাটি টুকুৰা
    বনমালি অ' বনমালি,বেলি এপৰ হল
    আজিলৈ সামৰ তোৰ হাল ভাৰ
    আহ চাহ আৰু জলপান মুঠি খাই লহি
    বনমালি এ বুলবুলি ৰ কথা ত কানহাৰ দিলে
    যদিও তাৰ যেন মন আৰু অলপ বোকা হবলৈ..
    ©skyhigh01

  • mayabini 53w

    মোৰ ওপজা দিন

    তোৰ গৰ্ভত থিতাপি লৈ
    এই পৃথিৱীৰ মুখ দেখিলোঁ
    আজিৰ দিনটোতে
    তই মোক এই ধৰিত্ৰীৰ
    বাসিন্দা হোৱাৰ সুযোগ দিলি,
    মানুহ নামৰ এই পৃথিৱীৰ
    শ্ৰেষ্ঠ জীৱ ৰূপে জীয়াই তুলিলি,
    তই মোৰ আই
    কিদৰে পুজিম তোক
    তোৰ এই অতবোৰ
    ধাৰ মই কিদৰে সুজিম মই,
    দিন ৰাতি একাকাৰ কৰি
    মানুহ হিচাপে গঢ়িলি মোক
    জীৱন গঢ়াৰ সুযোগ দিলি,
    তই মোৰ আই
    মৰমৰ আই,
    শত কোটি প্ৰণাম তোক
    কিদৰে পুজিম আই।

    মোৰ এই ২৫ বৰ্ষৰ ওপজা দিনত
    তোলৈ অযুত মৰম আৰু প্ৰণাম।।
    ©mayabini

  • skyhigh01 64w

    কাঁচিয়লি

    খিৰিকী খনৰ কাষত জুমাজুমি
    এধানী কণমানি ঘৰচিৰিকা
    পুৱা নৌ হোৱাৰে পৰা
    কিচিৰ মিচিৰ বাৰ্তালাপ
    কপৌ হালো আহি ৰুণ দিয়ে
    শুই নুঠি পৰোঁনে?
    উঠা যেন অনুমান পালেই ভুৰুঙ
    উৰা মাৰি আগ চোতালৰ বননিত বিচৰণ
    বালিমাহী চৰাই জনী উচপ খাই উঠে
    কলা বগা নেজ ডাল উঠা নমা কৰি
    পুনৰ ধূলি ৰ সৈতে খেলা কৰে
    কাষৰ ৰাধাচোৰা ত থকা শালিকা হাল
    বহুত বেছি কথা কয়
    কিমান শুনিবা কিন্তু নুশুনিলে যে ভালো নালাগে
    আকৌ সেই তিপচী চৰাই কেইটা
    কৃষ্ণ তুলসী জোপাৰ সৈতে মিতিৰালি
    এখন্তেকো ঠিৰে নাথাকে
    ইটো ডাল সিটো ডাল কে
    কেতিয়া নো উৰা মাৰে থমকিবই নোৱাৰি..
    ©skyhigh11

  • rohan__writes 64w

    পাৰিবানে থানবান হোৱা
    হৃদয়ৰ টুকুৰাবোৰ জোৰা দিবলৈ
    পাৰিবানে দিশহাৰা মনটোক
    আবেগৰ মায়াজালত বান্ধি ৰাখিবলৈ
    পাৰিবানে উদং নিশাবোৰত
    জোনাকী হৈ পোহৰ বিলাবলৈ
    পাৰিবানে মৌন ওঁঠেৰে কব খোজা
    ডুখৰীয়া হিয়াৰ ভাষা বুজিবলৈ
    শূণ্য হৈ পৰা হৃদয়খনত
    ন-কৈ ধৌ তুলা আবেগবোৰক
    পাৰিবানে প্ৰেমৰ নতুন দিশা দিবলৈ...

    ✒️ৰোহন বৰুৱা

  • skyhigh01 66w

    Anubhav

    Junak e mridu mridu ke koi,
    'Tora toi mur2 malish korile homosto oboshad aatori jai jano? Ki jadu ase hosae !'
    Tora i khil khila i hahi dighol ke ukhah eta loi Koi,
    'Ase 2 jadu..tumar proti thoka valpuar anubhav tumar aatma i buji pai hohari jonai ako! '
    ©skyhigh11

  • real_anurag 67w

    আধৰুৱা সপোনৰ , উকা পৃষ্ঠাত
    লিখো নিলিখো কৈ থমকি ৰোৱাৰ ,
    ক্ষণ বোৰৰ শেষত ,
    জীপাল হৈ উঠা মোৰ মন সেউজীয়া ।

    কেতিয়াবা যদি ৰামধেনুৰ সৈতে লুকা-ভাকু ,
    আৰু কেতিয়াবা চুই যোৱা বতাহ জাকৰ
    পিছে-পিছে দৌৰো ।

    সকলো ভাগৰুৱা আজি ,
    ভাগৰুৱা মই , ভাগৰুৱা তুমি ,
    আৰু আকাশ ...... !!!!!

    ©anurag

  • skyhigh01 67w

    Bosso

    Aainu e tair favourite doll joni r logot kheli thokar pora i xudhe,
    'O Deta, Bosso baru mori jabo niki?
    Tumi taak val korai diya na'
    Junak e Aainu k morom re bujai,
    'Eku nhoi Hoon..tumi kheli thaka''
    Bosso Aainu r puhoniya kukur e nhoi
    Khela r logoriya tair dustami r homoniya
    Aainu r mon nobhore
    Tai eibar makor usor palege
    'Maa Bosso k beleg Doctor r usort loi bola na'
    Tora i Aainu k kusot tuli Bosso usor paige
    'Hoon suasun Bosso kiman morom loga ke xui ase..kaile saba he tumar logot kheli thakibo Doctor khura i ki koisil tumar monot ase ne?'
    Aainu eke ta ukhahote koi, 'ase Maa, Bosso i rest lole val hbo xunkale'
    Aainu e maa kok furti te goba mari dhore..
    ©skyhigh11

  • skyhigh01 68w

    Abhimani priya

    Abeg anubhuti r ugul thugul hiya
    Junak e priyo koli eta gungunai,
    'Tora xunsun..'Tora i nuhune
    Tai je kio xunibo
    Junak r uport abhiman ase bht
    Kintu kiman homoy le?
    Tora i najane..
    'Toraa iman khong ase mur uport tene moi valpua kaam bur kio kori aso moi nije korim'
    Junak e tai k jukai..
    Hoi dekhun Tora i olp gohin hoi pakghr t gusi jai...
    Junak e pas falor pora Tora k haboti kane kane gungunai"O mur abhimani priya..."
    ©skyhigh11

  • skyhigh01 72w

    Mukuta moni

    Dubori t jilika niyor r kona
    Xuruz hona porokh mou hona
    Edhani pahi bali mahi
    Koliya bhumura suise fulor ruhi
    ©skyhigh11

  • skyhigh01 72w

    Jiya

    Tur logot moi jiya ura sai thkim?
    Kio tur bachpana bur najai kosun
    Ki val pao ei bur
    Tai Junak r galot futuki pokhila r renu logai
    Pran khula hahi jaak mari kole
    Tuk valpao je ei xeujiya bur tur rang nhoi ne?
    Hei kopahi kumol kohua bur t tur e morom dekhu
    Sasun sa jiya bur e jiri tur dhou buror logot ki khela korise
    Aru tahat r pakhi bur t rodali e ramdhenu hajise...
    ©skyhigh11

  • rohan__writes 73w

    কিয় জানো মনৰ অশান্ত ঢৌবোৰ
    দুৰন্ত গতিৰে ধাবমান হৈ
    কম্পিত হৃদয়ত উল্লাসত উপচি পৰে

    কিয় সেই সৰু সৰু পলবোৰে
    এই উকা হৃদয়ৰ কোনোবা এচুকত
    মিঠা আবেগৰ সৃষ্টি কৰে

    কিয় উদং ৰাতিৰ স্বপ্নবোৰে
    আকাশী লতাৰ দৰে মেৰিয়াই ধৰি
    আন্ধাৰত মনটোক লৈ চলনা কৰে

    জীৱন বাটত জহি খহি যোৱা মনটোক
    কিয় শীতৰ চঞ্চল বতাহজাকে
    অাকৌ উত্ৰাৱল কৰি তোলে

    চিকিমিকি যেন হিয়াত বাজি উঠা
    এই মায়াই কি জানো বিচাৰে...

    ✒️ ৰোহন বৰুৱা