সেউজ দলিচাত গাভিনী হোৱা
বুকুৰ এজাক কঁহুৱা উমেৰে
মই সাৱটি ধৰিম তোমাক
সৰগী মলয়া হৈ হেপাঁহেৰে
আলিংগনত নিচুকাম দুচকুৰ পদুম
মৰমৰ মদিৰা পান কৰি
যেতিয়া তুমি ঢলি পৰিবা
মোৰ কোমল কোলাত
হৃদয় মোৰ হৃদয় হ'ব
আৰু দুচকু নিয়ৰৰ পাপৰি ...
©daisy_pens
#Oxomiya
7 posts-
daisy_pens 46w
Read caption for the whole poem
*নীলাভ সপোন*
//তোমাৰ হৃদয়ত যেতিয়া
কেতেকীয়ে গীত জুৰিব
সাগৰ হৈ পৰিব মোৰ
হিয়াৰ নীল নগ্নতা....
তোমাৰ ৰুক্ষ বুকুত চুমা যাচি
প্ৰশস্ত কৰিম মই
ভালপোৱাৰ খৰস্ৰোতা নৈ
জানো, তুমি যুদ্ধ কৰিবা
সাজিবলৈ আমাৰ আশাৰ বালিঘৰ
যুদ্ধত ভাগৰি পৰিলে তুমি
শিৰীষ হৈ মই ছাঁ দিম
চন্দ্ৰাৱলী হৈ শীতলাম
তৰালী হৈ উজ্জ্বলাম
তোমাৰ শীতানৰ গান ..
সেউজ দলিচাত গাভিনী হোৱা
বুকুৰ এজাক কঁহুৱা উমেৰে
মই সাৱটি ধৰিম তোমাক
সৰগী মলয়া হৈ হেপাঁহেৰে
আলিংগনত নিচুকাম দুচকুৰ পদুম
মৰমৰ মদিৰা পান কৰি
যেতিয়া তুমি ঢলি পৰিবা
মোৰ কোমল কোলাত
হৃদয় মোৰ হৃদয় হ'ব
আৰু দুচকু নিয়ৰৰ পাপৰি
ভাগৰি পৰা দুচকুত তোমাৰ
পুণৰ স্পন্দিত কৰিম
নতুন যৌৱনৰ উষাক
পুহমহীয়া এজাক কুঁৱলিত তিতি
আমাৰ গুপুত কামনাই
অপেক্ষা কৰিব প্ৰেমৰ জুঁহালত
দুকুৰা জুই একাকাৰ হোৱালৈ....//
By : @daisy_pens
This poetry is in my mother -tongue Assamese(অসমীয়া) ।
English translation is in one of my recent posts "DREAMS OF BLUE".
#assamesepoem #assamesequotes
#assamesepoems #love #mirakeeassistant @readwriteunite @writersnetwork @miraquill @writerstolli
#wod #pod #অসম #Oxomiya
" TDC" publications presents you an amazing opportunity to get your work published in an equally amazing anthology "Your First Love"
compiler: upasana kalita
Theme:sad love,happy, untold feeling (it could be your mother, father, nature, your poem, photography)
Genre:poem,short story, essay, qoutes.
Language:Hindi, English, Assamese, Bangali.
Entry fees:150/- only
Slot:100
Email-id: kashyapupasana04@gmail.com
---------------------------------------------
Are u interested then contact me...