"তোমাৰ হাঁহি"
.
প্ৰথম দিনাই প্ৰেমত পৰিছিলো তোমাৰ।
তোমাৰ লিহিৰি আঙুলি কেইটাৰে;
মুখ ধাকি মৰা লাজুকী হাঁহিটোৰ প্ৰেমত।
তোমাৰ কটা চেলাউৰী আৰু
লাহি ওঁঠৰ থিক তলতে থকা তিলতোৰ প্ৰেমত।
হৃদয় খন ৰৈ গৈছিল, তোমাৰ সেন্দুৰীয়া গালৰ টোল পৰা খিনিত।
সাগৰ নীলা চকুৰ গভীৰ কাজল খিনিত।
মন যায়,
তোমাৰ বুকুৰ ভাঁজেৰে ধৌ খেলি বৈ যোৱা চুলি খিনিৰ মাজত এবাৰ হেৰাই যাবলৈ।
মন যায়,
তোমাৰ কোলাত মূৰ গুজি ৰাতিবোৰ পাৰ কৰিবলৈ।
এবাৰ নিজৰ কৰি চোৱানা please.
মই মাথোঁ তোমাৰ হ’ব বিছাৰো।
ৰৈ যাম তোমাৰহৈ,
একেবাৰে।
নীলাঞ্জনা।
©jyotiranjan_bora
#jyotiranjanbora
4 posts-
jyotiranjan_bora 100w
#Assamese #assamesequotes #Assamesepoem #poem #poet #অসমীয়াকবিটা #অসমীয়া #কবিটা #প্ৰেম #প্ৰেমৰকবিটা #জ্যোতিৰঞ্জনবৰা #তোমাৰহাঁহি #jyotiranjanbora #tumarhahi #tumar_hahi #oxomiya #oxomiyakobita #kobita