#oxomiya

7 posts
  • daisy_pens 29w

    Read caption for the whole poem��

    *নীলাভ সপোন*

    //তোমাৰ হৃদয়ত যেতিয়া
    কেতেকীয়ে গীত জুৰিব
    সাগৰ হৈ পৰিব মোৰ
    হিয়াৰ নীল নগ্নতা....

    তোমাৰ ৰুক্ষ বুকুত চুমা যাচি
    প্ৰশস্ত কৰিম মই
    ভালপোৱাৰ খৰস্ৰোতা নৈ

    জানো, তুমি যুদ্ধ কৰিবা
    সাজিবলৈ আমাৰ আশাৰ বালিঘৰ
    যুদ্ধত ভাগৰি পৰিলে তুমি
    শিৰীষ হৈ মই ছাঁ দিম
    চন্দ্ৰাৱলী হৈ শীতলাম
    তৰালী হৈ উজ্জ্বলাম
    তোমাৰ শীতানৰ গান ..

    সেউজ দলিচাত গাভিনী হোৱা
    বুকুৰ এজাক কঁহুৱা উমেৰে
    মই সাৱটি ধৰিম তোমাক
    সৰগী মলয়া হৈ হেপাঁহেৰে

    আলিংগনত নিচুকাম দুচকুৰ পদুম
    মৰমৰ মদিৰা পান কৰি
    যেতিয়া তুমি ঢলি পৰিবা
    মোৰ কোমল কোলাত
    হৃদয় মোৰ হৃদয় হ'ব
    আৰু দুচকু নিয়ৰৰ পাপৰি

    ভাগৰি পৰা দুচকুত তোমাৰ
    পুণৰ স্পন্দিত কৰিম
    নতুন যৌৱনৰ উষাক

    পুহমহীয়া এজাক কুঁৱলিত তিতি
    আমাৰ গুপুত কামনাই
    অপেক্ষা কৰিব প্ৰেমৰ জুঁহালত
    দুকুৰা জুই একাকাৰ হোৱালৈ....//

    By : @daisy_pens

    This poetry is in my mother -tongue Assamese(অসমীয়া) ।
    English translation is in one of my recent posts "DREAMS OF BLUE".

    #assamesepoem #assamesequotes
    #assamesepoems #love #mirakeeassistant @readwriteunite @writersnetwork @miraquill @writerstolli
    #wod #pod #অসম #Oxomiya

    Read More

    সেউজ দলিচাত গাভিনী হোৱা
    বুকুৰ এজাক কঁহুৱা উমেৰে
    মই সাৱটি ধৰিম তোমাক
    সৰগী মলয়া হৈ হেপাঁহেৰে

    আলিংগনত নিচুকাম দুচকুৰ পদুম
    মৰমৰ মদিৰা পান কৰি
    যেতিয়া তুমি ঢলি পৰিবা
    মোৰ কোমল কোলাত
    হৃদয় মোৰ হৃদয় হ'ব
    আৰু দুচকু নিয়ৰৰ পাপৰি ...
    ©daisy_pens

  • jyotiranjan_bora 83w

    #Assamese #assamesequotes #Assamesepoem #poem #poet #অসমীয়াকবিটা #অসমীয়া #কবিটা #প্ৰেম #প্ৰেমৰকবিটা #জ্যোতিৰঞ্জনবৰা #তোমাৰহাঁহি #jyotiranjanbora #tumarhahi #tumar_hahi #oxomiya #oxomiyakobita #kobita

    Read More

    "তোমাৰ হাঁহি"

    .
    প্ৰথম দিনাই প্ৰেমত পৰিছিলো তোমাৰ।
    তোমাৰ লিহিৰি আঙুলি কেইটাৰে;
    মুখ ধাকি মৰা লাজুকী হাঁহিটোৰ প্ৰেমত।
    তোমাৰ কটা চেলাউৰী আৰু
    লাহি ওঁঠৰ থিক তলতে থকা তিলতোৰ প্ৰেমত।
    হৃদয় খন ৰৈ গৈছিল, তোমাৰ সেন্দুৰীয়া গালৰ টোল পৰা খিনিত।
    সাগৰ নীলা চকুৰ গভীৰ কাজল খিনিত।
    মন যায়,
    তোমাৰ বুকুৰ ভাঁজেৰে ধৌ খেলি বৈ যোৱা চুলি খিনিৰ মাজত এবাৰ হেৰাই যাবলৈ।
    মন যায়,
    তোমাৰ কোলাত মূৰ গুজি ৰাতিবোৰ পাৰ কৰিবলৈ।
    এবাৰ নিজৰ কৰি চোৱানা please.
    মই মাথোঁ তোমাৰ হ’ব বিছাৰো।
    ৰৈ যাম তোমাৰহৈ,
    একেবাৰে।
    নীলাঞ্জনা।
    ©jyotiranjan_bora

  • gunjon 135w

    আই তয়ো হেনো এখন নদী আছিলি

    আই তয়ো হেনো এখন নদী আছিলি।
    জীৱনৰ কেঁকুৰীবোৰত ঠেকা খাই তই বাৰু
    ব-দ্বীপ হ'লি নেকি?

    তোৰ অন্য সপোন আছিল নেকি?
    নে এনেকৈয়ে কোঙা কৰে সময়ে
    নাৰীৰ আবেগ আৰু
    স্বপ্নক!
    হয়তো
    সময়বোৰ নাৰীৰ প্ৰধান শত্ৰু।

    তই আদেশ দে,
    মই বিদ্ৰোহ কৰিম সময়ৰ বিৰুদ্ধে।
    এতিয়াই।
    মোৰ অস্ত্ৰ হ'ব
    কোনেও নেদেখা
    নিৰৱে নিগৰা
    তোৰ চকুপানী।।

  • jyotiranjan_bora 141w

    .

  • jyotiranjan_bora 141w

    "প্ৰেমৰ ৰাগী"

    মনত পৰেনে ৰ'জ সেই নিৰিবিলি সন্ধ্যাটি?তোমাৰ উন্মুক্ত শৰিৰৰ ভাজে ভাজে বৈ থকা যৌৱনৰ ভৰ-বাৰিষাৰ তোপাল বোৰে মোক মাতাল কৰি তুলিছিল। আৰু তাৰ ৰাগীত নিশা বোৰ গভীৰ হৈ পৰিছিল, লাহে লাহে।
    ©jyotiranjan_bora

  • bhargabbhb 142w

    ৰূপালী তুপালবোৰ

    দেহাখন শিতল পৰি যায়
    সেই ৰূপালী তুপালবোৰ
    পৰেহি আহি

    এই চন্চল মনতোযেন
    হেৰাইযায় কৰবাত
    কিছুমান ভাৱনাত

    বহুতো কথা মন যায় কবলৈ
    কিন্তু ব্যক্তহে নকৰো
    নস্ৱৰ মানোহবোৰৰ আগত

    ভাৰ্গব বৰা

    ©bhargabbhb

  • jyotiranjan_bora 228w

    " জাতনা"

    মোৰ স্বপ্নময় পথাৰ খনিত আকৌ নতুনকৈ সোন-গুতি শিচিছো...
    বুকুত অযুত সপোন বান্ধি। ভাবিছিলো সাটোৰঙী কঠিয়াৰ নঁ-পোখা মেলিব।
    আৰু হঠাতে সকলোবোৰ মৰহি, লেৰেলী কিবা হৈ গ'ল ঔ।
    যোৱাবাৰ জোনাকী নিশা তুমি যে বিহ ধালী গৈছিলা। -জ্যোতিৰঞ্জন বৰা।
    ©jyotiranjan_bora